This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বড়োলেণ্ড ছিল্ক পাৰ্ক চৌহদত অত্যাধুনিক এড়ী সূতা কটা কল আনুষ্ঠিকভাৱে উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
Kokrajhar Part, Kokrajhar | Aug 24, 2025
বিশ্বৰ ভিতৰতে থলুৱা এড়ী আৰু ৰেচম উৎপাদনৰ ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা বড়োলেণ্ডৰ এড়ী তথা ৰেচমক বিশ্বমুখী কৰাৰ লক্ষ্য আগত ৰাখি দেওবাৰে দিনৰ ২ বজাত কোকৰাঝাৰ চহৰৰ আদাবাৰিস্থিত বড়োলেণ্ড ছিল্ক পাৰ্ক চৌহদত এটি অত্যাধুনিক এড়ী সূতা কটা কল আনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় ৷ অত্যাধুনিক এড়ী সূতা কটা কলটো এক মাংগলিক কাৰ্য্যসূচীৰ জৰিয়তে শুভ উদ্বোধন কৰে বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ৷