This browser does not support the video element.
বিশ্বনাথ: বিহালীত উদ্দীপ্ত চ'ৰাৰ উদ্যোগত ৪২ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
Biswanath, Biswanath | Sep 3, 2025
বিহালী সমষ্টিৰ বেদেতীত উদ্দীপ্ত চ'ৰাৰ উদ্যোগত ৪২ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় । পুৱা প্ৰথমে পতাকা উত্তোলন কৰে সভাপতি কৰ্ণেশ্বৰ লাহনে । উল্লেখ্য যে, বিহালীৰ অন্যতম সামাজিক অনুষ্ঠান উদ্দীপ্ত চ'ৰাই বিগত ১৯৯৮ চনৰ পৰা অভিৰুচী ক্ৰীড়া দিৱস উদযাপন কৰি আহিছে । প্ৰতিযোগিতাত সমষ্টিটোৰ ১৫ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ লয় । অভিৰুচী ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি দীঘল জাপ, ওখ জাম্প, ডিচকাচ থ্ৰ', গধুৰ বস্তু দলিওৱা আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।