Download Now Banner

This browser does not support the video element.

গোলাঘাট: কৰ্টৰোডত জ্বলিল প্ৰধানমন্ত্ৰী,মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি,'কা' বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ

Golaghat, Golaghat | Sep 12, 2025
গোলাঘাটৰ কৰ্টৰোডত শুক্ৰবাৰে দিনৰ প্ৰায় ১ বজাত জ্বলিল প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। কা বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ উত্তাল প্ৰতিবাদ।'কা' বাতিলৰ দাবীত আজি সংগঠনটোৱে সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি 'কা'ৰ তীব্ৰ বিৰোধীতা কৰে সংগঠনটোৱে।ইফালে কাইলৈৰ পৰা আৰু অধিক তীব্ৰ আন্দোলন কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে বুলি হুংকাৰ দিয়ে সংগঠনটোৱে।
Read More News
T & CPrivacy PolicyContact Us