মৰাণ ডোমৰদলঙৰ বীৰাঙ্গনা সতী সাধনী ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসস্থলীত থকা খাদ্যমেলাত ভয়ংকৰ অঘটন। খাদ্যমেলাৰ এখন বিপনীত সংঘটিত হয় অগ্নিকাণ্ড। চিলিণ্ডাৰৰ পৰা গেছ নিৰ্গত হোৱা বাবে অগ্নিকাণ্ড সংঘটিত হয় । উপস্থিত থকা একাংশ ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন হয় যদিও কিছু সময়ৰ বাবে অনুষ্ঠানস্থলীত সৃষ্টি হয় আতংকময় পৰিবেশ