This browser does not support the video element.
বিশ্বনাথ: বাঘমাৰীত উচ্ছেদৰ বাবে জাননী জাৰী কৰা বিদ্যালয়ত উচ্ছেদ নচলাবলৈ আহ্বান কণ কণ ছাত্ৰ-ছাত্ৰীৰ
Biswanath, Biswanath | Aug 23, 2025
বিহালীৰ বাঘমাৰীত উচ্ছেদৰ বাবে জাননী প্ৰেৰন কৰাৰ পিছতে হাহাকাৰ লাগিছে অঞ্চলটোত। ৬০১ টা পৰিয়াললৈ উচ্ছেদৰ জাননী দিছে বিশ্বনাথ জিলা প্ৰশাসনে ৷ উচ্ছেদ হবলগীয়া অঞ্চলটোৰ ভিতৰত আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় । NORTH EAST SMART SCHOOL নামৰ এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনালে আহ্বান।বিদ্যালয়খন ভাঙিলে আমাৰ পঢ়িবলৈ স্কুল নাই বুলি মূখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ ছাত্ৰ-ছাত্ৰী সকলৰ।