This browser does not support the video element.
ডিফু: ডিফুত নিৰ্মিয়মান ফ্লাই অভাৰত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিক আহত
Diphu, East Karbi Anglong | Sep 13, 2025
শণিবাৰে সন্ধিয়া ৭ মান বজাত ডিফুত নিৰ্মিয়মান ফ্লাই অভাৰত সংঘটিত হৈছে এক অঘটন! ডিফুৰ বিশাল মেগা মাৰ্টৰ ওচৰত ফ্লাইওভাৰৰ খুঁটি নিৰ্মাণৰ কাম চলি থাকোতে বিদ্যুৎ স্পৃষ্ট হৈ কৰ্মৰত শ্ৰমিক এজন গুৰুতৰ ভাবে জখম প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে ৷ তৎক্ষণাত শ্ৰমিকজনক ফ্লাই অভাৰ নিৰ্মান কৰাৰ ব্যৱহাৰ কৰা এটা ফকলেনেৰে স্থানীয় ৰাইজ আৰু কৰ্মৰত শ্ৰমিক সকলৰ তৎপৰতাত আহত শ্ৰমিকজনক তললৈ নমাই আনি চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ লৈ যোৱা হয় ৷