This browser does not support the video element.
চাৰিদুৱাৰ: ৰঙাপৰা আৰক্ষী থানা এলেকাত সংঘটিত হ’ল কিশোৰী ধৰ্ষণৰ ঘটনা,যুৱকক গ্ৰেপ্তাৰ
Chariduar, Sonitpur | Sep 13, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙাপৰা আৰক্ষী থানা এলেকাত সংঘটিত হ’ল কিশোৰী ধৰ্ষণৰ ঘটনা ৷ উক্ত ঘটনাৰে জৰিত যুৱকক গ্ৰেপ্তাৰ কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৰঙাপৰা আৰক্ষীয়ে ৷ উল্লেখ্য যে ৰঙাপৰা আৰক্ষী থানা এলেকাৰ এজন যুৱকে টিউচন কৰিবলৈ গৈ প্ৰেমৰ ছলনাৰে বিভিন্ন প্ৰলোভন দি ধৰ্ষণ কৰে ৷ উক্ত বিষয়টো পোহৰলৈ অহাত কিশোৰীৰ পৰিয়াল ৰঙাপৰা আৰক্ষীৰ কাষ চাপে ৷ ইয়াৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰ কৰে ৰঙাপৰা আৰক্ষীয়ে ৷