This browser does not support the video element.
বিহপুৰীয়া: ২ নং আহমেদপুৰত উত্তপ্ত পৰিস্থিতি,ড্ৰাগছ কিনিব আহি ৰাইজৰ ৰোষত পৰিল এজন ড্ৰাগছ সেৱন কাৰী যুৱক
Bihpuria, Lakhimpur | Sep 5, 2025
২ নং আহমেদপুৰত শুক্ৰবাৰে উত্তপ্ত পৰিস্থিতি। এটা ড্ৰাগছ টেমাৰ সৈতে ৰাইজে আটক কৰে ছাদিকুল ইছলামক। সৰবৰাহকাৰী নেকিবুৰ ৰহমান পলাই যোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতি বঙালমৰাৰ ২ নং আহমেদপুৰত। নেকিবুৰৰ গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল প্ৰতিবাদ ৰাইজৰ। দীৰ্ঘ দিনৰ পৰা নেকিবুৰৰ বিৰুদ্ধে মুকলি মুৰীয়াকৈ ২ নং আহমেদপুৰত ড্ৰাগছ বিক্ৰী কৰি অহাৰ অভিযোগ আছে। নেকিবুৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে বঙালমৰাত তীব্ৰ অভিযান চলাবলৈ ৰাইজে দাবী জনাইছে।