This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: বগলীজানত অসম গণ পৰিষদৰ বগলীজান আঞ্চলিক সমিতিৰ সাংগঠনিক সভা,উপস্থিত অগপৰ বৃত্ত সম্পাদক জয়ন্ত খাউণ্ড
North Lakhimpur, Lakhimpur | Sep 12, 2025
লখিমপুৰ জিলাৰ বগলীজানত শুক্ৰবাৰে অসম গণ পৰিষদ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত বগলীজান আঞ্চলিকৰ মূল সমিতিৰ লগতে আটাইকেইটা ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া আৰু অন্যান্য দলীয় সতীৰ্থসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এখন সভা । সভাখনত সাংগঠনিক দিশৰ বিভিন্ন বিষয় বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ৰ সাংগঠনিক কাম-কাজসমূহ নতুন পৰিকল্পনাৰে আগবঢ়াই নিয়াৰ বাবে অগপৰ দলীয় সতীৰ্থসকলক মতবিনিময় কৰে অসম গণ পৰিষদৰ বৃত্ত সম্পাদক জয়ন্ত খাউণ্ডে।