This browser does not support the video element.
হোজাই: লংকাত আৰক্ষীয়ে তিনি প্ৰৱঞ্চকক আটক কৰা সন্দৰ্ভত জিলা সদৰত মন্তব্য জিলা আৰক্ষী অধীক্ষকৰ
Hojai, Hojai | Sep 8, 2025
বহুদিনৰ পৰা অৰ্ধসামৰিক বলৰ লংকাত ভূৱা প্ৰিয়াৰচি চাৰ্টিফিকেটৰ ৰেকেট চলি আছিল।আৰু বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে লংকাৰ এখন হোটেলৰ পৰা প্ৰথমে দুজন আৰু পিছত আন এজন প্ৰৱঞ্চকক আটক কৰে।আটকাধীন লোককেইজনৰ নাম ক্ৰমে চুৰেজ ভাটি,ৰাহুল সিং আৰু সঞ্জয়। আটাইৰে ঘৰ বহি:ৰাজ্য উত্তৰ প্ৰদেশত।লগতে উক্ত লোককেইজনৰ পৰা জব্দ বহু পৰিমাণৰ ভূৱা ৰৱাৰ চীল আৰু নথিপত্ৰ। লংকা আৰক্ষী থানাত ১৮৮/২৫ নম্বৰত কেচ ৰুজু কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।