This browser does not support the video element.
গোলাঘাট: কমাৰবন্ধাৰ নাওঁশলীয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে ব্ৰইলাৰ ফাৰ্ম
Golaghat, Golaghat | Aug 22, 2025
কমাৰবন্ধাৰ নাওঁশলীয়া গাঁৱত শুক্ৰবাৰে পুৱতি নিশা প্ৰায় ৪ মান বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। কোনো দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে ব্ৰইলাৰ এখন ফাৰ্ম। দুষ্কৃতিকাৰীয়ে ফাৰ্মখন জ্বলাই দিয়াৰ সন্দেহ ফাৰ্মখনৰ মালিকৰ। এদিন পূৰ্বেও ফাৰ্মখন দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছিল। সেইদিনা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিল। পুনৰ ফাৰ্মখনত অগ্নিসংযোগ কৰি সম্পূৰ্ণৰূপে নিঃশেষ কৰি দিয়ে। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই অন্য স্থানলৈ সম্প্ৰসাৰণ হোৱাৰ পূৰ্বেই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।