This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰত এজেৱাচিপিৰ প্ৰতিবাদ, অনুপ্রৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ আৰু "কা" বাতিলৰ দাবীত এই প্ৰতিবাদ
North Lakhimpur, Lakhimpur | Sep 4, 2025
উত্তৰ লখিমপুৰ নগৰত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ। অনুপ্রৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ আৰু "কা" বাতিলৰ দাবীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ আদেশ পত্রৰ প্রতিলিপিও দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উল্লেখ্য যে "কা"ৰ জৰিয়তে ২০২৪ চনলৈ অমুছলমান বিদেশীক সংস্থাপনৰ নতুনকৈ যো-জা চলাই কেন্দ্ৰীয় চৰকাৰে গেজেট নটিফিকেন দিয়াৰ পিছতেই সমগ্ৰত অসমত পুনৰ কা" আন্দোলনৰ উকমোকনি আৰম্ভ হৈছে।