This browser does not support the video element.
নলবাৰী: বৰআজাৰাত অগ্ৰগতি সংঘ আৰু সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত কাবাডী প্ৰশিক্ষণ শিবিৰ আৰম্ভ
Nalbari, Nalbari | Oct 8, 2025
নলবাৰীৰ চান্দকুছিৰ বৰআজাৰাৰ শ্ৰীশ্ৰীবাসন্তী মন্দিৰ প্ৰাংগনত অভিজ্ঞ আৰু অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা কাবাডী প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে।বুধবাৰে আবেলিৰ ভাগত উক্ত প্ৰশিক্ষণ শিবিৰটো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সদৌ অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক আলোক ত্ৰিপাঠীয়ে।নলবাৰী জিলা কাবাডী সন্থাৰ সম্পাদক পৰেশ চন্দ্ৰ বৰ্মন আৰু উদ্যোক্তা জোন কুমাৰ বৰ্মনে আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকে খেলুৱৈ ক্ৰীড়া সংগঠক।