This browser does not support the video element.
বিহপুৰীয়া: লালুক গণ ভৱত অনুষ্ঠিত হয় সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা
Bihpuria, Lakhimpur | Sep 13, 2025
এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত শনিবাৰে লখিমপুৰ জিলাৰ লালুক গণ ভৱনত অনুষ্ঠিত হয় সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা । এই উপলক্ষ্যত পুৱা পৰিবেশ নিকাকৰণৰ শুভাৰম্ভ কৰে লালুক আঞ্চলিক মটক সন্মিলনৰ সভাপতি লাচিত বৰুৱাই ৷পতাকা উত্তোলন কৰে ক্ৰমে সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোঁহাই আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি বেদকান্ত ফুকনে ৷ সদৌ অসম মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা আৰু লখিমপুৰ জিলা মটক সন্মিলনৰ সম্পাদক দুলেশ্বৰ বৰুৱাই স্মৃতি তৰ্পণ কৰে ৷