This browser does not support the video element.
লংকা: লংকাৰ জুঠাংবস্তিৰ সাৰ্বজনীন নামঘৰত মহাপুৰুষ শ্রী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে হৰিনাম কীৰ্তন
Lanka, Hojai | Sep 12, 2025
আজি মহাপুৰুষ শ্রী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰ সমূহত পূৱাৰ পৰা অনুষ্ঠিত হৈছি হৰি নাম কীৰ্তন। তাৰ সমান্তৰাল ভাবে মহাপুৰুষ শ্রী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে লংকাৰ জুঠাংবস্তিৰ সাৰ্বজনীন নামঘৰটো ভকত বৈষ্ণব সকলে হৰি নাম কীৰ্তন কৰা পৰিলক্ষিত হয়। প্ৰথমে উক্ত নামঘৰ ভাগত ভকত বৈষ্ণব সকলে পুথি পঢ়ি ভগৱানৰ শ্ৰীচৰণত সেৱা লোৱাৰ লগতে পৰবৰ্তী সময়ত জুঠাংবস্তি গাওৰ একাংশ মহিলাই নামঘৰ ভাগতেই নাম প্ৰসংগ কৰি ভক্তি ৰসত বিলিন হোৱা পৰিলক্ষিত হয়।