ঢেকীয়াজুলি সমষ্টিৰ ভোটপাৰাস্থিত বিধায়ক সেয়া কেন্দ্ৰত অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ আলোচনা সভা শনিবাৰে দিনৰ অনুমানিক ২ বজাত সামৰণি পৰিল ৷ উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত কৰে উক্ত বিশেষ আলোচনা সভা ৷ আজিৰ আলোচনা সভাত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে চাৰি গৰাকী জিলা পৰিষদ উপস্থিত থাকে