This browser does not support the video element.
গুৱাহাটী: ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগত ভঙাগড় থানাত গোচৰ ৰুজু প্ৰদেশ কংগ্ৰেছৰ
Guwahati, Kamrup Metropolitan | Sep 1, 2025
সোমবাৰে ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ ৰুজু প্ৰদেশ কংগ্ৰেছৰ। দেওবাৰে ৰাজীৱ ভৱন ঘেৰাও কৰাৰ নামত বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ অভিযোগ।ৰাজীৱ ভৱনৰ সন্মুখত থকা বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ একাংশ বিজেপি কৰ্মীৰ বিৰুদ্ধে। ঘটনাৰ তদন্ত বিচাৰি ভঙাগড় থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ।এজাহাৰত উল্লেখ আছে বিজেপি নেতা ৰূপম গোস্বামী, ৰঞ্জীৱ শৰ্মা, সিদ্ধাংকু অংকুৰ বৰুৱা, বিজেপি নেত্ৰী জুৰি শৰ্মা বৰদলৈ, ৰত্না সিং, গুঞ্জন বৰ্মন আৰু পূৰৱী ৰয়ৰ নাম।