বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰত যোৱা ১৭ আগষ্টৰ পৰা আৰম্ভ হোৱা বিশ্বনাথ বাচোৱাৰ ফুটবল ক্লাবৰ সৌজন্যত ৰাজু বাচোৱাৰ আৰু নেতা বাচোৱাৰ সোঁৱৰণীত ২য় বাৰ্ষিক প্ৰাইজমানী ফুটবল চূড়ান্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। নীলপুৰ চাহ বাগিছা ফুটবল ক্লাব আৰু চেলাইখাটী ইয়ং ষ্টাৰ ফুটবল ক্লাবৰ মাজত অন্তিম চূড়ান্ত খেল আৰম্ভ হয়। এই ফুটবল খেল প্ৰতিযোগীতাত মুখ্য অতিথি ৰূপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, পৌৰপতি আদি উপস্থিত থাকে।