This browser does not support the video element.
দেৰগাঁও: জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত দেৰগাঁৱৰ কোবাল পামগাঁৱৰ পৰা গ্ৰেপ্তাৰ এজন যুৱকক
Dergaon, Golaghat | Sep 26, 2025
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত উদ্ভণ্ডালিৰ অভিযোগত দেৰগাঁৱৰ কোবাল পামগাঁৱৰ পৰা শুক্ৰবাৰে দিনৰ প্ৰায় ১১ বজাত গ্ৰেপ্তাৰ এজন যুৱকক। গোলাঘাট আৰু দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। শৰৎ সৌৰভ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। প্ৰায় দুটা দিন ধৰি যুৱকজনৰ সন্ধানত আৰক্ষীয়ে চলাইছিল অভিযান। আজি নিজ বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে। পৰৱৰ্তী সময়ত যুৱকজনক তদন্তৰ খাতিৰত গুৱাহাটীত লৈ যোৱাৰ সম্ভাৱনা।