This browser does not support the video element.
নাজিৰা: গেলেকী হাবি গাঁৱৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা এজন অভিযুক্তক গেলেকী আৰক্ষীয়ে আটক কৰি প্ৰেৰণ কৰিলে আদালতলৈ
Nazira, Sivasagar | Sep 8, 2025
গেলেকী হাবি গাঁৱৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা এজন অভিযুক্তক গেলেকী আৰক্ষীয়ে আটক কৰি সোমবাৰে আদালতলৈ প্ৰেৰণ কৰিছে।দেওবাৰে নিশা গেলেকী হাবি গাঁৱৰ ভুগমণ শইকীয়া নামৰ ব্যক্তিজনক চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ চেষ্টা চলাইছিল।বৰ্তমান আহত ব্যক্তিজন ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।এই ঘটনাৰ মূল অভিযুক্ত হাবি গাঁৱৰ হৰিধন গগৈক গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৩৩/২৫ নংত গোচৰ ৰুজু কৰি সোমবাৰে বিয়লি আদালতলৈ প্ৰেৰণ কৰে।