This browser does not support the video element.
ডিফু: ডিফুত বিজেপিৰ লুম্বাজং মণ্ডল কমিটিৰ এদিনীয়া কৰ্মশালা, সমল ব্যক্তি হিছাপে উপস্থিত কাকৰ এমএচি কৃষ্ণ ভট্টৰায়
Diphu, East Karbi Anglong | Aug 27, 2025
বুধবাৰে দিনৰ প্ৰায় ২ মান হজাত ডিফু চাৰিমাইল স্থিত বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ লুম্বাজং মণ্ডল কমিটিৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাখন পৰিচালনা কৰে বিজেপিৰ লুম্বাজং মণ্ডল কমিটিৰ সভাপতি বিষ্ণু টিচোৱে ৷ কৰ্মশালাখনত সমল ব্যক্তি হিছাপে উপস্থিত থাকে পৰিষদৰ এমএচি কৃষ্ণ ভট্টৰায় ৷ কৰ্মশালাত তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰাৰ লগতে বৰ্তমান ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ৷