This browser does not support the video element.
বোকাখাত: বোকাখাতৰ নতুনগাঁৱত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সমূহ গাঁওবাসীৰ, শোক সভা
Bokakhat, Golaghat | Sep 21, 2025
বোকাখাতৰ নতুনগাঁৱত দেওবাৰে সন্ধ্যা প্ৰায় ৭ হজাত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সমূহ গাঁওবাসীৰ। গাঁওখনৰ সমূহ ৰাইজ একত্ৰিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল জুবিন গাৰ্গ। শিল্পীগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যখনেই শোকত ম্ৰিয়মান। আজি শিল্পীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে শিল্পীগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে এখনি শোকসভা অনুষ্ঠিত কৰে।