This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ভৈৰাগুৰিত উলিয়ালে বিশাল ভাগৱত শোভাযাত্ৰা,অজস্ৰ ভক্তৰ সমাগম
Dhekiajuli Part, Sonitpur | Sep 4, 2025
বৃহস্পতিবাৰে বিয়লি অনুমানিক ৫ বজাত ভৈৰাগুৰিত উলিয়ালে বিশাল ভাগৱত শোভাযাত্ৰা ৷ উল্লেখ্য শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ ভৈৰাগুৰি হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে শ্ৰীমদ্ভাগৱত মহাপুৰণ ৷ ভৈৰাগুৰি হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত মহাপুৰাণৰ লগত সংগতি ৰাখি আজি ভৈৰাগুৰিত উলিয়ালে উক্ত বিশাল ভাগৱত শোভাযাত্ৰা ৷ আজিৰ উক্ত ভাগৱত শোভাযাত্ৰাত অজস্ৰ লোকে অংশগ্ৰহণ কৰে ৷