This browser does not support the video element.
ডিফু: লংমেৰক ৰংহাং গাঁৱত বিজেপিৰ গণ যোগদান কাৰ্যসূচী, কংগ্ৰেছ আৰু এপিএইছএলচি দলৰ দুই শতাধিক কৰ্মীৰ বিজেপিত যোগদান
Diphu, East Karbi Anglong | Aug 24, 2025
দেওবাৰে বিয়লি প্ৰায় তিনি মান বজাত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কপিলী পৰিষদীয় সমষ্টিৰ লংমেৰক ৰংহাঙ গাওঁস্থিত খেল পথাৰত বিজেপিৰ বিজেপিৰ বৃহৎ গণযোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ দলীয় যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ৷ আজি এই যোগদান কাৰ্যসূচীত দুই শতাধিক কংগ্ৰেছ আৰু APHLC দলৰ পৰিয়ালে বিজেপি দলত যোগদান কৰা বুলি জানিব পৰা গৈছে ৷