This browser does not support the video element.
মৰঙী: মৰঙিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, ২নং পোৰাজংঘলত হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে গেলামালৰ দোকান, বন বিভাগৰ বিৰুদ্ধে ক্ষোভ
Morangi, Golaghat | Sep 10, 2025
মৰঙিত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, ২নং পোৰাজংঘলত হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে গেলামালৰ দোকান। বুধবাৰে দিনৰ প্ৰায় ১ বজাত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগীয়ে। দোকানীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি খাই তহিলং কৰিলে চাউল-দাইলকে ধৰি বহু সামগ্ৰী। দিনে-নিশাই এতিয়া বৃহত্তৰ মৰঙি অঞ্চলত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। মৰঙিৰ ২নং পোৰাজংঘলত এখন গেলামেলা দোকানত নিশা বন্যহস্তীয়ে ভাঙি তহিলং কৰাৰ লগতে বৃহত পৰিমাণৰ সামগ্ৰী নষ্ট কৰে। বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে দোকানীগৰাকীয়ে।