This browser does not support the video element.
ডিফু: ডিফু কংগ্ৰেছৰ সংবাদমেল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এন্টি কার্বি,এন্টি ট্রাইবেল বুলি অভিযোগ কংগ্ৰেছ নেতাৰ
Diphu, East Karbi Anglong | Jun 6, 2025
শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফুত কার্বি আংলং জিলা কংগ্ৰেছৰ কাৰ্যালয়ত জিলা কংগ্ৰেছৰ উপ-সভাপতিদ্বয় জগতছিং ইংতি, ৰতন ইংতি আৰু মিডিয়া চেলৰ আহ্বায়ক ছেৰিশ্মা ৰংপিপীয়ে এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত বোকাজান বিধানসভা সমষ্টিৰ তিনিবাৰৰ বিধায়ক জগতছিং ইংতিয়ে কয় যে দীর্ঘদিনীয়া আন্দোলনৰ পিছত ১৯৯৫ চনত এএছডিচি, কেএছএৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এক বুজাবুজিৰ চুক্তি কৰি পৰিষদৰ ক্ষমতা বৃদ্ধি কৰিছিল৷