Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: টেঙাবড়ী নাম বাঘমৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত এজন ব্যক্তিক জিলা চিকিৎসালয়ত প্ৰেৰণ

Biswanath, Biswanath | Sep 4, 2025
বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা অন্তৰ্গত টেঙাবড়ী নাম বাঘমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।পুৱতি নিশাৰ ভাগত কোনো অচিনাকি বাহনে এগৰাকী পথচাৰীক মহতিয়াই পলায়ন কৰিছে। যাৰ ফলত ব্যক্তি গৰাকীৰ এটা ভৰি থেতেলা খাই সংকটজনক অৱস্থাত ঘাইপথৰ কাষত চিটিকি পৰে। স্থানীয় লোকে বিশ্বনাথ আৰক্ষীক খবৰ কৰা লগে লগে ঘটনাস্থলিত সকলোৱে উপস্থিত হৈ সংকটজনক অৱস্থাত ততাতয়াকৈ জিলা চিকিৎসালয়ত নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us