সমাগত দূৰ্গাপূজা। লংকাত দূৰ্গাপূজাত যাতে শান্তি পূৰ্ণ ভাবে অনুষ্ঠিত হয় তাৰ ওপৰত লক্ষ্য ৰাখি লংকাত লামডিং সম জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া,লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,লংকা পৌৰসভাৰ পৌৰনেত্ৰীৰ উপস্হিতিত অনুষ্ঠিত হয় এখনি সভা। উক্ত সভাত লংকাৰ কেইবাজনো গণ্যমান্য ব্যক্তি আৰু একাংশ লংকাৰ ৰাইজ উপস্থিত থাকে।