This browser does not support the video element.
ডিফু: নিলীপত নিলীপ ব্ৰক কংগ্ৰেছ কমিটিৰ যুটীয়া বৰ্ধিত সভা সম্পন্ন
Diphu, East Karbi Anglong | Aug 24, 2025
দেওবাৰে দিনৰ প্ৰায় ২ মান বজাত নিলীপত নিলীপ ব্লক কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভা অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত বৰজান, বোকাজান, সৰুপথাৰ, দেওপানী, নিলীপ আৰু দুৱাৰ বাগৰিৰ মণ্ডল আৰু ব্লক কংগ্ৰেছ কমিটিৰ নেতা-কৰ্মী সকল উপস্থিত থাকে ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিজেপি আৰু এপিএইছএলচিৰ কেইবাগৰাকী নেতা কৰ্মী কংগ্ৰেছত যোগদান কৰে ৷ আনহাতে যুটীয়া বৰ্ধিত সভাখনত জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতি, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন শইকীয়া, প্ৰভাৰী পল্লৱ চেতিয়া উপস্থিত থাকে