This browser does not support the video element.
ডিফু: ডিফুত এপিএইছলচি বৰকৰ সভাপতি লংকি বে' সহ দুৱাৰআমলাৰ ১০ গৰাকী এপিএইছএলচি নেতা কৰ্মীৰ বিজেপিত যোগদান
Diphu, East Karbi Anglong | Sep 6, 2025
শণিবাৰে পুৱা প্ৰায় ১১ বজাত ডিফুত কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সাক্ষাৎ কৰি বৰককৰ এপিএইচএলচি সভাপতি লংকি বে' সহ দুৱাৰ আমলাৰ আন দহ গৰাকী নেতা-কৰ্মীয়ে বিজেপি দলৰ প্ৰতি আনুগাত্য আৰু বিশ্বাস প্ৰদৰ্শন কৰি বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আটাইকে বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷