This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: নিমুৱাৰ নিমুৱা বুঢ়াগোহাঁই থানৰ উদ্যোগত নৱ নিৰ্ব্বাচিত পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্দ্ধনা
Ghograpar Part, Nalbari | Aug 31, 2025
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থান পৰিচালনা সমিতিৰ উদ্যোগত নৱনিৰ্ব্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক আজি আবেলি থান প্ৰাংগনত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ থান পৰিচালনা সমিতিৰ সভাপতি ভৱেন বড়োৰ সভাপতিত্বত অনুষ্ঠিত তথা সম্পাদক ভৱেশ বৰদলৈয়ে আঁত ধৰা সভাখনত শিলপোতাবড়ী- লাটিমা গাঁওপঞ্চায়তৰ সভাপতি লভিতা ডেকা, পঞ্চায়ত খনৰ আঞ্চলিক সদস্যা মামণি ডেকা, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱা,পঞ্চায়ত খনৰ গাঁও সদস্য ফনী শৰ্মাকে ধৰি পঞ্চায়ত প্ৰতিনিধি সকলক সম্বধৰ্ণা জনাই