This browser does not support the video element.
বিশ্বনাথ: মহাবিদ্যালয়ত অধ্যাপকে ছাত্ৰীক গাড়ীৰ ভিতৰত ধৰ্ষনৰ চেষ্টা অধ্যাপকৰ, এজাহাৰ দাখিল পৰিয়ালৰ
Biswanath, Biswanath | Sep 3, 2025
এজন লম্পট অধ্যাপকৰ এইবাৰ কালিমা সানিলে ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ত। নিজৰ কামনাৰ বাবে বাছি ললে মহাবিদ্যালয়ৰে এগৰাকী কন্যাতুল্য ছাত্ৰীক। যাৰ বাবে এতিয়া মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী তথা ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকল ন্যায় বিচাৰি কাষ চাপিছে বিশ্বনাথ আৰক্ষীৰ। ইতিমধ্যে পৰিয়ালৰ লোক আৰু ছাত্ৰ একতা সভাই ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত উপস্হিত হয় আৰু লম্পট অধ্যাপক অজিত দত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।