This browser does not support the video element.
হেলেম: চৰাইবাৰীত এটা কাঠৰ দলং বিপদত পেলাইছে সহস্ৰাধিক ৰাইজক, শ্ৰমদানেৰে মেৰামতি কৰিলে কাঠৰ দলং #jansamasya
Helem, Biswanath | Sep 11, 2025
স্বাধীনতাৰ ৭৯ টা বছৰ অতিক্ৰম কৰাৰ পাছতো এটি ভঙা কাঠৰ দলঙেই যাতায়তৰ এক মাত্ৰ সম্বল কেইবাখনো গাৱঁৰ ৰাইজৰ। প্ৰতি বছৰে মেৰামতি কৰিয়েই যাতায়ত কৰি আহিছে গঞা ৰাইজে। সাংসদ, বিধায়ক কিম্বা পঞ্চায়তৰ প্ৰতিনিধিৰ পৰা কোনো ধৰণৰ সহাঁৰি নাপায় নিজে মেৰামতি কৰিলে জৰাজীৰ্ণ কাঠৰ দলং। এয়া গহপুৰ সমষ্টিৰ দক্ষিণাঞ্চলৰ চৰাইবাৰীৰ দৃশ্য। এই চৰাইবাৰীতে আছে প্ৰসিদ্ধ ফুলেশ্বৰী আইথান। দূৰ্গোৎসৱৰ সময়ত লোকে লোকাৰণ্য হৈ পৰে আইথানভাগ।আইথান ভাগৰ লগতে কেইবাখনো গাঁৱৰ যাতায়তৰ ১০ সহস্ৰাধিক লোক।