This browser does not support the video element.
ডিফু: ধনশিৰিৰ বিভিন্ন স্থানত মানৱ সৰবৰাহ সন্দৰ্ভত সজাগতা সভা
Diphu, East Karbi Anglong | Sep 12, 2025
শুকুৰবাৰে দিনৰ প্ৰায় ২ মান বজাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ধনশিৰিৰ দলদলী, ধনশিৰি বজাৰ আৰু নগাওঁ বস্তিত মানৱ সৰবৰাহৰ দৰে ভয়ঙ্কৰ বিষয়লৈ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত সমল ব্যক্তি হিছাপে নতুন দিল্লীৰ সমাজ কৰ্মী ডঃ গীতাশ্ৰী ভূঁঞা নুৰুলা উপস্থিত থাকে ৷ ডঃ গীতাশ্ৰী ভূঁঞাই সৰবৰাহকাৰী সকলে কেনেদৰে অসুৰক্ষিত পৰিয়ালৰ মহিলা আৰু শিশু সকলক কেনেদৰে প্ৰলোভিত কৰি সৰবৰাহ কৰে আৰু সেইসকলক কেনেদৰে উদ্ধাৰ কৰা হয় তাৰ ওপৰত বিস্তৃত ভাবে বাখ্যা কৰে ৷