This browser does not support the video element.
বিশ্বনাথ: নগৰত পদযাত্ৰাৰে প্ৰধানমন্ত্ৰীৰ মাতৃক অপমান কৰা কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ
Biswanath, Biswanath | Sep 2, 2025
কিছুদিন পূৰ্বে কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগতভাৱে অপমানিত কৰাৰ লগতে স্বৰ্গগামী মাতৃক অশালীন মন্তব্যৰে অপমানিত কৰাৰ অভিযোগত বিশ্বনাথত আজি তীব্ৰ প্ৰতিবাদ কৰে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে । বিশ্বনাথৰ ক্লক টাৱাৰৰ সন্মুখৰ পৰা বিজেপি কৰ্মীসকলে প্ৰতিবাদী সমদল কৰি কংগ্ৰেছ দলৰ কাৰ্যালয়ৰ সন্মুখেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত বিজেপিৰ প্ৰভাৰী ৰিতুবৰণ শৰ্মা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা সভাপতি অসীম কুমাৰ দাস আদি অংশগ্ৰহণ কৰে।