This browser does not support the video element.
বিশ্বনাথ: গলিয়াৰ এৰাবাৰীত গাত খান্দি থকা অৱস্থাতে মৃত্যু হল শ্ৰমিকৰ, উপস্থিত বিশ্বনাথ আৰক্ষী
Biswanath, Biswanath | Sep 3, 2025
শৌচালয়ৰ গাত খান্দি থকা অবস্থাতে মৃত্যু হল । বিশ্বনাথৰ গলিয়াৰ এৰাবাৰীৰ দল বাহদুৰ লামা নামৰ ব্যক্তিজনৰ ঘৰত শৌচালয় নিৰ্মানৰ কাম চলি আছিল।আজি পুৱা এই শৌচালয়ৰ গাত খন্দাৰ কামত নিয়োজিত কৰিছিল অশোক কৰ্মকাৰ নামৰ বামগাঁৱৰ এজন শ্ৰমিক।কিন্তু গাত খান্দি থকা সময়তে ঘটিল এক শোকাবহ ঘটনা। সন্দেহ কৰা মতে অক্সিজেনৰ অভাব হোৱাত গাতৰ ভিতৰতে মৃত্যু হয় শ্ৰমিক অশোক কৰ্মকাৰৰ।ইয়াৰ পিছতে SDRF ৰ দল ঘটনাস্থলীত উপস্হিত হৈ উক্ত গাতৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।