This browser does not support the video element.
বোকাখাত: ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি বোকাখাত মহকুমা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি, আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
Bokakhat, Golaghat | Sep 1, 2025
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সোমবাৰে দিনৰ প্ৰায় ১০ বজাত বোকাখাত মহকুমা চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ঘটনা অনুসৰি বোকাখাত দগাঁৱৰ নিবাসী কৃষ্ণ দাস নামৰ এজন লোকৰ মৃত্যুৰ পিছতে চিকিৎসকৰ গাফিলতিৰ অভিযোগ কৰে অঞ্চলবাসীয়ে। দেওবাৰে নিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কৃষ্ণ দাসক। প্ৰস্ৰাৱৰ অসুবিধাত ভোগা ৰোগীজনক সাধাৰণ চিকিৎসা কৰিয়েই দায় সৰাৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে। আজি পুৱা ৰোগীজনৰ মৃত্যুৰ পিছতেই সৃষ্টি হয় এই পৰিস্থিতিৰ।