মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ সভাত আহি অসুস্থ হল মহিলা পুৰুষ সহিতে চাৰিগৰাকীকৈ লোক ৷ অসুস্থ লোকসকলক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ঢেকীয়াজুলি শ্বহীদ মনবৰ নাথ সামূহিক স্বাস্থ্যকেন্দ্ৰত ৷ উল্লেখ্য যে মহিলা সকলক স্বনিৰ্ভৰশীল তথা স্বাবলম্বী কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৷ সেয়েহে মহিলা সকলক উক্ত আচঁনিৰ চেক প্ৰদানৰ উদ্দেশ্যৰে আজি ঢেকীয়াজুলি চাহ বাগিছাৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় বিশাল ৰাজহুৱা সভা ৷