আজি চৰাইদেউ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত ‘সেৱা সেতু সপ্তাহ’ কাৰ্যসূচী সম্পৰ্কে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আয়োজন কৰা হয় এখন গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল সভা। এই সভাত অংশগ্ৰহণ কৰে জিলা আয়ুক্ত ডাঃ নেহা যাদৱৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই সভাত মুখ্যমন্ত্ৰীয়ে নাগৰিক সেৱা সেতু সপ্তাহ অধিক দ্ৰুতগতিশীল কৰাৰ উদ্দেশ্যে একাধিক দিশ নির্দেশনা প্ৰদান কৰি উপকৃত কৰে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিভিন্ন উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে।