This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: মোলানপুখুৰী গাঁৱত অভিযান চলাই ৭ টা ড্ৰাগ্ছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ,তদন্তৰ বাবে এগৰাকী যুৱকক আটক
Dhekiajuli Part, Sonitpur | Aug 24, 2025
দেওবাৰে নিশা অনুমানিক ১ বজাত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ মোলানপুখুৰী গাঁৱত অভিযান চলাই ৭ টা ড্ৰাগ্ছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷ লগতে তদন্তৰ বাবে এগৰাকী যুৱকক আটক কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷ উল্লেখ্য এক গোপন খবৰৰ ভিত্তিত মোলানপুখুৰী গাঁৱৰ এঘৰত অভিযান চলাইছিল আৰক্ষীয়ে ৷ উক্ত অভিযানত ঘৰটোৰ পৰা ৭ টা ড্ৰাগ্ছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সেয়েহে ড্ৰাগ্ছ সৰবৰাহকাৰীৰ অধিক তথ্য বিছাৰি তদন্তৰ বাবে এগৰাকী যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷