This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: কাকৈ ৰাজগড়ত অৰুণাচলী সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বীৰ লাচিত সেনা আৰু অসমীয়া যুৱ মঞ্চৰ
North Lakhimpur, Lakhimpur | Sep 2, 2025
অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈ ৰাজগড়ত চলি থকা অবৈধ অৰুণাচলী সুৰাৰ ৰম ৰমীয়া বেহাক লৈ সৰৱ হৈ পৰে দল সংগঠন।দীৰ্ঘ সময় ধৰি NFৰেলৱে অধীনস্থ এলেকাত তথা ৰেলৱে কুৱাটাৰৰ্ত অৰুণাচলি সুৰাৰ লুকুৱাই ৰাখি চলাই আহিছে অবৈধ ব্যৱসায়। কিন্তু NF ৰেলৱে অধীনস্থ চৰকাৰী কুৱাটাৰৰ্ত এনে চৰকাৰী নীতি বিৰোধী কাৰ্যকলাপ চলি থকাৰ পাছতো নিমাত লখিমপুৰ আবকাৰী বিভাগ।লখিমপুৰ আবকাৰী বিভাগ, কুম্ভকৰ্ণ নিদ্ৰাৰ সুবিধা লৈ চলাই অহা নীতি বিৰোধী কাৰ্যকলাপ বিৰুদ্ধে মঙ্গলবাৰে ওলাই আহে দল সংগঠন ।