This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: নিশা ঘগ্ৰাপাৰত অনুষ্ঠিত হবলগা মুখ্যমন্ত্ৰীৰ সভাৰ বুজ ললে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
Ghograpar Part, Nalbari | Aug 21, 2025
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পুৱা নলবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ অন্তর্ভুক্ত প্ৰায় ৩৪,০০০ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰী মহিলা সদস্যাক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰিব। সেই মর্মে আজি নিশা নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গৰ সৈতে অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি শেহতীয়া প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।