ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বিয়লি ৪ বজাত বিহগুৰিস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত TB মুক্ত ভাৰত গঢ়াৰ পৰিকল্পনাৰ অংশস্বৰূপে এখন বিশেষ সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বু উপস্থিত থাকে ৷ উল্লেখ্য যে সমগ্ৰ ভাৰতবৰ্ষই পালন কৰা "সেৱা সপ্তাহৰ" অন্যতম কাৰ্যসূচী হিচাপে আয়োজিত কৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত থন ধৰি উঠা TB মুক্ত ভাৰত গঢ়াৰ এক গৌৰৱময় পৰিকল্পনা আৰম্ভ হৈছিল ৷