হীৰাজুলি চাহ বাগিছাত অনুষ্ঠিত আন্তঃ চাহ বাগিচা ফুটবল খেল প্ৰতিযোগিতাৰ চুৰান্ত খেলখন দেওবাৰে সন্ধিয়া অনুমানিক ৬ বজাত সামৰণি পৰে ৷ আজি অনুষ্ঠিত চূড়ান্ত খেলখন শুভ উদ্বোধন কৰে বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বুৱে। আজিৰ চূড়ান্ত খেলখন ধেন্দাই চাহ বাগিছা ফুটবল দল আৰু মোনাবাগ চাহ বাগিছা ফুটবল দলৰ মাজত অনুষ্ঠিত হয়। খেলখনত ৪-২ গ’লৰ ব্যৱধানত ধেন্দাই চাহ বাগিছা ফুটবল দলে জয়লাভ কৰে ৷