This browser does not support the video element.
বিশ্বনাথ: ভূৱা লাট মণ্ডলৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল মণ্ডলৰ, চক্ৰ বিষয়াৰ সংবাদমেল
Biswanath, Biswanath | Sep 8, 2025
বিগত দুই তিনি মাহৰ পৰা বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ বিভিন্ন কাম কৰাৰ বাবে আবেদন কৰা লোকক কোনো দুষ্ট চক্ৰই ফোন যোগে উক্ত কাম কৰি দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰা ঘটনা পোহৰলৈ আহিছে।আজিও বিশ্বনাথৰ এগৰাকী লাট মণ্ডলৰ নামত এজন আবেদনকাৰীক ফোন যোগে কাম কৰি দিয়াৰ নামত ৩২৬০ টকা বিচাৰে। সচেতন আবেদনকাৰী হোৱাৰ বাবে পিছৰ পৰ্যায়ত মণ্ডলৰ লগত যোগাযোগ কৰোতেহে এই দুষ্ট চক্ৰই ভূৱা মণ্ডল বুলি পৰিচয় দি ধন সংগ্ৰ কৰাৰ ঘটনা পোহৰলৈ আহে।