Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত প্ৰাক্তন এপিএইছএলচি নেতা ৰাজেন তিমুঙৰ সংবাদ মেল, নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ কথা প্ৰকাশ

Diphu, East Karbi Anglong | Sep 1, 2025
সোমবাৰে বিয়লি প্ৰায় তিনিমান বজাত ডিফুত প্ৰাক্তন এপিএইছএলচি নেতা ৰাজেন তিমুঙে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি নেতা গৰাকীয়ে কয়যে অহা ৮ চেপ্তেম্বৰ কাৰ্বি আংলঙত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰা হব ৷ পূৱ আৰু পশ্চিম কাৰ্বি আংলঙৰ ৫ টা বিধান সভা সমষ্টিৰ পৰা ১০০ জনকৈ সংগ্ৰামী কৰ্মীক লৈ নতুন আঞ্চলিক ৰাজনৈতিক দল  গঠন কৰা হব ৷ নতুন আঞ্চলিক দলটোৰ লক্ষ্য উদ্দেশ্য ২৪৪(ক) ৰূপায়ণ,   সীমা সমস্যা আৰু শৈক্ষিক দিশৰ উন্নতি কৰা ৷
Read More News
T & CPrivacy PolicyContact Us