This browser does not support the video element.
ডিফু: ডিফুৰ মাটিপুঙত ভূমি পট্টা বিহীন ভাবে মাটি দখল কৰি বসতি স্থাপন কৰা এটা পৰিয়ালক উচ্ছেদ স্থানীয় একাংশ দল-সংগঠনৰ
Diphu, East Karbi Anglong | Aug 26, 2025
মঙলবাৰে বিয়লি ডিফুৰ মাটিপুঙত দীৰ্ঘদিন ধৰি ভূমি পট্টা বিহীন ভাবে মাটি দখল কৰি পৰিয়াল সহ বসতি স্থাপন কৰি থকা এটা পৰিয়ালক উচ্ছেদ কৰে স্থানীয় একাংশ দল সংগঠনে ৷ছফুৰা বেগম নামৰ এগৰাকী মহিলাই উক্ত ভূমিত ৫০ বছৰৰো অধিক কাল পৰিয়াল সহ উক্ত ভূমিত বসবাস কৰি অহাৰ দাবী কৰাৰ বিপৰীতে প্ৰদীপ তেৰাঙৰ নামত উক্ত ভূমিৰ বিপৰীতে পট্টা থকা বুলি দাবী কৰে৷ ছফুৰা বেগমক কেইবাৰো মাটি খালী কৰি দিয়াৰ নিৰ্দেশ দিয়া পৰিষদৰ শুনানীতো ছফুৰা বেগম হাজিৰ নোহোৱাৰ বাবে এইদৰে উচ্ছেদ কৰা হ'ল বুলি কয় নেতাসকলে