Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱত বিজয়া দশমীৰ লগত সংগতি ৰাখি নৰেন শৰ্মা স্মৃতি পথাৰৰ প্ৰাঙ্গণত ৰাৱন দাহন কাৰ্যসূচী, শ শ লোকৰ সমাগম

Dergaon, Golaghat | Oct 2, 2025
দেৰগাঁৱত নৰেন শৰ্মা স্মৃতি পথাৰৰ প্ৰাঙ্গণত বিজয়া দশমীৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে সন্ধ্যা ৭ বজাত অনুষ্ঠিত কৰা হয় ৰাৱন দাহন কাৰ্যসূচী। শ শ লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই কাৰ্যসূচী। প্ৰতিকীৰূপত ৰামচন্দ্ৰই কাঁড় মাৰি অগ্নি প্ৰজ্বলিত কৰি দাহন কৰে ৰাৱনৰ ৫০ ফুট উচ্চতাৰ বৃহৎ মুৰ্তি। প্ৰতি বৰ্ষৰ বিজয়া দশমীৰ দিনটোত ৰাৱণ দাহ কাৰ্যসূচী হাতত লৈ 'অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়' প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গাপূজা কমিটিয়ে বিগত ১২টা বৰ্ষ ধৰি অনুষ্ঠিত কৰি আহিছে।
Read More News
T & CPrivacy PolicyContact Us