This browser does not support the video element.
বিহপুৰীয়া: লালুকৰ খেৰবড়ীত শোকাৱহ ঘটনা,পথাৰত ঘাঁহ কাটিবলৈ গৈ বজ্ৰপাতত নিহত এটি কিশোৰ
Bihpuria, Lakhimpur | Sep 7, 2025
লখিমপুৰৰ দক্ষিণ লালুক গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪ নং খেৰবড়ীত শোকাৱহ ঘটনা। দেওবাৰে পথাৰলৈ ঘাঁহ কাটিবলৈ গৈ বজ্ৰপাতত থিতাতে নিহত এটি ১০ বছৰীয়া কিশোৰ।স্থানীয় ৰবি চাওঁতালৰ পুত্ৰ ডেভিদ চাওঁতাল, দিগন্ত মুণ্ডাৰ দুই পুত্ৰ ধীৰেন মুণ্ডা, আৰু দেবেন মুণ্ডাই ঘৰৰ অলপ আঁতৰত ঘাঁহ কাটিবলৈ গৈছিল। তাতেই ডেভিদ চাওঁতাল নামৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা কিশোৰজনৰ বজ্ৰ পৰি থিতাতে মৃত্যু হয়। আন দুজন ধীৰেন মুণ্ডা আৰু দেবেন মুণ্ডা গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ আছে।