This browser does not support the video element.
লংকা: লংকা বজাৰৰ সন্মুখত গছ কটা ঠাই পৰিদৰ্শন লংকা আঞ্চলিক বন বিষয়াৰ
Lanka, Hojai | Sep 1, 2025
যোৱা কালি লংকা বজাৰৰ সন্মূখত নেতাজী প্ৰতিমুৰ্তিৰ সমিপত থকা আহত গছকে ধৰি কেইবাজোপা নিমগছ কৰ্তন কৰিছিল লংকা পৌৰসভাই। উক্ত গছ কটাক লৈ লংকাত কালি হৈছিল প্ৰতিবাদ। সোমৱাৰে দুপৰীয়া ১ মান বজাত স্হানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত লংকা আঞ্চলিক বনবিভাগৰ বিষয়া পৰিদৰ্শন কৰে ঘটনাস্হলী।লংকা আঞ্চলিক বনবিভাগৰ বিষয়া গৰাকীয়ে নিজে ঘটনাস্হলী পৰিদৰ্শন কৰি ৰাইজৰ লগত মতবিনিময় কৰে।